কেকুৰাৰ ভাজি অলপ বেলেগ ধৰণে
আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কেকুৰাৰ ভাজিৰ বেলেগ ধৰনৰ জুতি।
ইয়াৰ বাবে আপোনালোকে কেইতামান কেকুৰা ল'ৱ। কেকুৰা কেইটা ভালদৰে ধুই পখালি লৱ। যদিগে কেকুৰা কেইতাৰ ভিতৰত কনি থাকে তেতিয়াহলে কনিখিনি ওলিয়াই ল'ৱ। কেকুৰা কেইতা ধুই লোৱাৰ পাছত তাৰ খোলাটো আতৰাই লৈ ভিতৰৰ মাংস খিনি ওলিয়াই ল'ৱ।
ওলিয়াই লোৱা মাংস খিনি পতাত খুন্দিব। তাৰ পৰা ওলোৱা ৰখখিনি চালনি এখনত ভালদৰে চালি ল'ৱ। মাংস খিনি পানি দি খুন্দ থাকিব। যেতিয়া মাংসখিনি বগা ৰঙৰ হৈ পৰিব তেতিয়া সেইখিনি পেলাই দিব, কাৰন তাৰপৰা গোটে ৰখখিনি ওলাই গল।
কেৰাহিটো গৰম কৰি তাত অলপ তেল দিব। তেলখিনি গৰম হসে তাত মিহকৈ কতা পিয়াজ আৰু কেইফুটামান নহৰো খুন্দি দিব। ইয়াতে আপোনালোকে নিজৰ সোৱাদৰ অনুসৰি কেচা জলকীয়া ফালি দিব। বস্তুুখিনি অলপ ভাজি লোৱাৰ পাছত তাত কেকুৰাৰ পৰা ওলিয়াই লোৱা ৰখ খিনি দি দিৱ। তাতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দিব। নিজৰ ইচ্ছা অনুসৰি আপোনালোকে জিৰা গুৰি আৰু অন্য মছলা দিব পাৰে।
ভাজি থকাৰ পাছত বস্তুুখিনি অলপ শুকান হব ধৰিব আৰু তেতিয়াই নমাই থৈ দিৱ। তৈয়াৰ হৈ গল আপোনালোকৰ কেকুৰাৰ ভাজি।

Comments
Post a Comment