Posts

Showing posts from September, 2020

নগা সকলৰ পদ্ধতিৰ গাহৰি মাংস

Image
                                        নগা সকলে তৈয়াৰ কৰা গাহৰি মাংসৰ সোৱাদ বৰ সুন্দৰ হয়। আজি আপোনালোকক নগা সকলে বনোৱা ধৰণে গাগৰি মাংস বনোৱাৰ কৌশলটি কম। প্রথমতে ইযাত প্ৰয়োজন হোৱা সামগ্রী খিনি হৈছে- এটা বাহৰ গাজ, গাহৰি মাংস(অলপ তেল), পিয়াজ, আদা, নহৰো, কেচা জলকীয়া(সোৱাদ অনুসৰি), শোকান জলকীয়া। মাংসখিনি ভালদৰে ধুই লৱ। তাৰ পাছত বাহৰ গাজটো যিমান পাৰি মিহিকৈ কাতি লৱ। আদা, নহৰো আৰু কেচা জলকীয়া খিনিৰ মিহিকৈ পিচি লৱ। পিয়াজ কেইতাউ মিহিকৈ কাতি লৱ।  শুকান জলকীয়া কেইতা ভালদৰে খুন্দি লৱ। মন কৰিব যে শুকান জলকীয়া কেইতা খুন্দুতে যাতে একেবাৰে গোৰি কৰি নেপেলাব। জলকীয়া কেইতা অলপ গোটা গোটিকৈ (chilli flakes) ৰাখিব। কেৰাহিটো ভালদৰে গৰম কৰি লৈ তাত গাহৰি মাংস খিনি দি দিব। মৱত ৰাখিব যে  ইয়াত আমি তেল ব্যবহাৰ নকৰো। মাংস খিনি তেতিয়ালৈ ভাজি থিকিব যেতিয়ালৈ মাংসখিনিয়ে তেল নেৰে। মাংস খিনিয়ে তেল এৰাৰ সময়তে তাত কাটি থোৱা পিয়াজ খিনি তাত দি দিৱ। পিয়াজ খিনি অলপ কোমল হোৱালৈকে অলপ ভাজি থাকিৱ। পিয়াজ...