Posts

নগা সকলৰ পদ্ধতিৰ গাহৰি মাংস

Image
                                        নগা সকলে তৈয়াৰ কৰা গাহৰি মাংসৰ সোৱাদ বৰ সুন্দৰ হয়। আজি আপোনালোকক নগা সকলে বনোৱা ধৰণে গাগৰি মাংস বনোৱাৰ কৌশলটি কম। প্রথমতে ইযাত প্ৰয়োজন হোৱা সামগ্রী খিনি হৈছে- এটা বাহৰ গাজ, গাহৰি মাংস(অলপ তেল), পিয়াজ, আদা, নহৰো, কেচা জলকীয়া(সোৱাদ অনুসৰি), শোকান জলকীয়া। মাংসখিনি ভালদৰে ধুই লৱ। তাৰ পাছত বাহৰ গাজটো যিমান পাৰি মিহিকৈ কাতি লৱ। আদা, নহৰো আৰু কেচা জলকীয়া খিনিৰ মিহিকৈ পিচি লৱ। পিয়াজ কেইতাউ মিহিকৈ কাতি লৱ।  শুকান জলকীয়া কেইতা ভালদৰে খুন্দি লৱ। মন কৰিব যে শুকান জলকীয়া কেইতা খুন্দুতে যাতে একেবাৰে গোৰি কৰি নেপেলাব। জলকীয়া কেইতা অলপ গোটা গোটিকৈ (chilli flakes) ৰাখিব। কেৰাহিটো ভালদৰে গৰম কৰি লৈ তাত গাহৰি মাংস খিনি দি দিব। মৱত ৰাখিব যে  ইয়াত আমি তেল ব্যবহাৰ নকৰো। মাংস খিনি তেতিয়ালৈ ভাজি থিকিব যেতিয়ালৈ মাংসখিনিয়ে তেল নেৰে। মাংস খিনিয়ে তেল এৰাৰ সময়তে তাত কাটি থোৱা পিয়াজ খিনি তাত দি দিৱ। পিয়াজ খিনি অলপ কোমল হোৱালৈকে অলপ ভাজি থাকিৱ। পিয়াজ...

মুৱা মাছৰ পিতিকা

Image
আজিৰ এই লিখনিত আপোনালোকক কবলৈ লৈছো যে মুৱা মাছ পানীত সীজাই কেনেকৈ পিতিকা কৰি খাব। পিতিকাখন বনাবৰ বাবে আমাক প্ৰয়োজন হোৱা সামগ্রী সমূহ হৈছে- মুৱা মাছ (অন্য সৰু মাছ), কেইফুটামান নহৰো, কেচা ধনীয়া এমুঠি আৰু কেচা জলকীয়া কেইতামান। জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে। সকলো খিনি বস্তু ভালদৰে ধুই লৱ। কেৰাহি বা সৰু চচপেন এটাত গোটেইখিনি সামগ্রী দি তাত এগিলাছ বা আধা গিলাছ পানী ধালি দিব। ইয়াৰ লগতে সোৱাদ অনুসৰি নিমস অলপো দিব। সকলো খিনি দিয়াৰ পাছত কেৰাহি বা চচপেনটো গেছ অথবা জুইত বহাই দি ধাকন এখন মাৰি সিজিবলৈ দিব। মাজে মাজে মন কৰি থাকিব যে বস্তুুখিনি সিজিছেনে নাই। সিজাৰ পাছত যদি পানীখিনি ৰখি যাই পানিসিনি তুকি দিব। বাচন এটাত মাছখিনি নমাই থৈ তাত পিয়াজ আৰু আদা সৰু সৰু কৈ কুটি লৱ। হাতেৰে পিটিকি ভালকৈ পিতিকা বনাই লৱ। তৈয়াৰ হৈ গল আপোনাৰ মুৱা মাছৰ পিটিকা। গৰম ভাতৰ লগত এই পিতিকাৰ সোৱাদেই বেলেগ। আশা কৰো পহি ভাল পালে। লাইক আৰু চেয়াৰ কৰি দিব।

কেকুৰাৰ ভাজি অলপ বেলেগ ধৰণে

Image
আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কেকুৰাৰ ভাজিৰ বেলেগ ধৰনৰ জুতি। ইয়াৰ বাবে আপোনালোকে কেইতামান কেকুৰা ল'ৱ। কেকুৰা কেইটা ভালদৰে ধুই পখালি লৱ। যদিগে কেকুৰা কেইতাৰ ভিতৰত কনি থাকে তেতিয়াহলে কনিখিনি ওলিয়াই ল'ৱ। কেকুৰা কেইতা ধুই লোৱাৰ পাছত তাৰ খোলাটো আতৰাই লৈ ভিতৰৰ মাংস খিনি ওলিয়াই ল'ৱ। ওলিয়াই লোৱা মাংস খিনি পতাত খুন্দিব। তাৰ পৰা ওলোৱা ৰখখিনি চালনি এখনত ভালদৰে চালি ল'ৱ। মাংস খিনি পানি দি খুন্দ থাকিব। যেতিয়া মাংসখিনি বগা ৰঙৰ হৈ পৰিব তেতিয়া সেইখিনি পেলাই দিব, কাৰন তাৰপৰা গোটে ৰখখিনি ওলাই গল। কেৰাহিটো গৰম কৰি তাত অলপ তেল দিব। তেলখিনি গৰম হসে তাত মিহকৈ কতা পিয়াজ আৰু কেইফুটামান নহৰো খুন্দি দিব। ইয়াতে আপোনালোকে নিজৰ সোৱাদৰ অনুসৰি কেচা জলকীয়া ফালি দিব। বস্তুুখিনি অলপ ভাজি লোৱাৰ পাছত তাত কেকুৰাৰ পৰা ওলিয়াই লোৱা ৰখ খিনি দি দিৱ। তাতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দিব। নিজৰ ইচ্ছা অনুসৰি আপোনালোকে জিৰা গুৰি আৰু অন্য মছলা দিব পাৰে। ভাজি থকাৰ পাছত বস্তুুখিনি অলপ শুকান হব ধৰিব আৰু তেতিয়াই নমাই থৈ দিৱ। তৈয়াৰ হৈ গল আপোনালোকৰ কেকুৰাৰ ভাজি।